sangbad lahar logo

স্বৰ্গগামী হ’ল টীম ইণ্ডিয়াৰ প্রাক্তন অপেনাৰ চেতন চৌহান

পৰলোক গমন টীম ইণ্ডিয়াৰ প্রাক্তন অপেনাৰ চেতন চৌহানৰ। বিগত এক মাহ ধৰি কৰোনাৰ সৈতে যুদ্ধ কৰি অৱশেষত জীৱন যুঁজৰ সৈতে হাৰ মানিলে তেওঁ। যোৱা শুক্রবাৰে নিশাৰ পৰা শাৰিৰীক অৱস্থাৰ অবনতি ঘটাত তেওঁক ভেণ্টিলেশ্যনত ৰখা হৈছিল।

কিন্তু শনিবাৰে গোটেই দিনটো অতি সংকটজনক অৱস্থাত থকাৰ পিছত আজি শেষ নিঃশ্বাস ত্যাগ কৰে প্রাক্তন ক্রিকেটাৰ গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩ বছৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *