
গোলাপ জল আমি ক্লিনিজিং কৰাৰ পাছত ট’নাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো। নিয়মিত ব্যৱহাৰ কৰিলে ছালৰ কমনীয়তা ধৰি ৰখাত সহায় কৰে। পুৰণি কালত গোলাপ জলক ছানস্কীন হিচাপে ব্যৱহাৰ কৰিছিল।
শুকান ছালত গোলাপ জল আৰু শুদ্ধ নাৰিকলৰ তেল চাৰি ভাগৰ এভাগ মিহলাই ৰাতি শৰীৰত মালিচ কৰি ৰাখিলে ছালখন মিহি আৰু কোমল হয়। নাৰিকলৰ তেল, বাদামৰ তেল সমান লৈ ১০ টোপালমান গোলাপৰ তেল মিহলাই শৰীৰত লগালে ছালৰ ৰং বগা আৰু মিহি হয়।
ছালক সতেজ কৰি ৰখাৰ বাবে ফ্লেকচিড অইলত ১০/১২ টোপাল গোলাপৰ তেল মিহলাই এটা আইনাৰ বটলত থৈ দিব লাগে। পাছত গা ধোৱাৰ আগেয়ে নিয়মিত ব্যৱহাৰ কৰিব লাগে।
তুলসীৰ পাত, পদিনাৰ পাত আৰু গোলাপৰ পাহি সমানে মিহলাই ল’ব। এতিয়া ভালদৰে ধুই অলিভ অইলত সিজাই ঠাণ্ডা কৰি এটা বটলত চেকি থৈ দিব। নিয়মিত এই তেল ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বাৰ্হিব।
গোলাপ, মিথি আৰু নেমুৰ ৰস বাদামৰ তেলত সিজাই এটা আইনাৰ বটলত থৈ দিব। নিয়মিত দাগ থকা ছালত ব্যৱহাৰ কৰিলে ভাল ফল পাব। ছালৰ শোটোৰা ভাব নাইকিয়া হ’ব। ছালখন মসৃণ হৈ থাকিব। নেমু আৰু মিথিয়ে ছালৰ পৰা বেক্টেৰিয়া নাইকিয়া কৰিব। গোলাপৰ পাহি আৰু কমলাৰ বাকলি নাৰিকলৰ তেলত সিজাই ল’ব। পাছত মৌ মিহলাই নিয়মিত ছালৰ ব্যৱহাৰ কৰিলে ছালৰ ৰং বগা আৰু মিহি হ’ব। ই ছালত উজ্জ্বলতা বঢ়ায়। ছালৰ দাগ নাশ কৰে। মইশ্ব’ৰাইজাৰ ধৰি ৰখাত সহায় কৰে।
ছালত জ্বলন হ’লে তিয়ঁহৰ ৰস, গোলাপৰ পানী আৰু গ্ৰীণ টীৰ পানী মিহলাই ল’ব। সদায় মুখ ধোৱাৰ পাছত ট’নাৰ হিচাপে ব্যৱহাৰ কৰিব।
নিম অইল, গোলাপৰ অইল সমানে মিহলাই ফিটকিৰি দি থৈ দিব। পাছত নিয়মিত ব্যৱহাৰ কৰিলে ছালত শালমইনা হোৱাৰ ভয় নাথাকে। ইয়াৰ ব্যৱহাৰত শালমইনা হ’লেও শুকাই যাব।
আপেল চিদাৰ ভিনেগাৰত গোলাপৰ পাহি, গ্ৰীণ টী অলপ দি বটলত থৈ দিব। নিয়মিত লগালে শালমইনা নাশ হ’ব। ইয়াৰে দাগো নাথাকিব।
নিম পাত, নাৰ্জি ফুলৰ পাত, গোলাপৰ পাহি, গ্ৰীন টী সমানে সিজাই দিব। ঠাণ্ডা কৰি আইনাৰ বটলত থ’ব। বাহিৰৰ পৰা ঘৰলৈ অহাৰ পাছত ছালত স্প্ৰে কৰি দিব। এনে কৰিলে ছালত বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে।
ছালৰ ৰং উজ্জ্বল কৰিব বিচাৰিলে তিল তেলত গোলাপৰ তেল মিহলাই লগাব।
ভিটামিন ‘চি’ টেবলেট গোলপৰ পানীত থৈ দিব। এদিনমান থৈ দিয়াৰ পাছত নিয়মিত ব্যৱহাৰ কৰিলে শালমইনা নাশ হ’ব। ক’লাজেন উৎপাদন হ’ব। শালমইনা সোনকালে ভাল হ’ব।
বেকিং চ’ডাত গোলাপৰ পাহিৰ পানী মিহলাই অপৰিষ্কাৰ ছাল পৰিষ্কাৰ কৰাত সহায় কৰিব।
গোলাপৰ সুগন্ধি আমি ৰাতি শোৱাৰ আগেয়ে কাণৰ কাষত লগালে সোনকালে টোপনি আহিব। দিনটোৰ বিষাদ নাইকিয়া কৰিব।
আমি আমাৰ চুলিতো গোলাপ ফুলৰ আৰু শেৱালি ফুলৰ পেষ্ট তৈয়াৰ কৰি লগাব পাৰোঁহক। ই চুলি সৰা বন্ধ কৰে আৰু চুলি স্বাস্থ্যৱান কৰে।
গোলাপৰ পাহি আমি গা ধোৱা পানীখিনিতো ব্যৱহাৰ কৰিব পাৰো। এনেদৰে গা ধুলে আমাৰ মন আৰু শৰীৰ শীতল কৰি ৰাখে।
গোলাপৰ সুগন্ধি বা আঁতৰ লগাই বাহিৰলৈ গ’লে নিজৰ মনটোও ভাল লাগে আৰু আনৰ মনকো শান্ত কৰি ৰাখিব পাৰো। গতিকে গোলাপৰ তেল সুগন্ধি হিচাপে ব্যৱহাৰ কৰিব পাৰো।
এইদৰেই আমি গোলাপ ব্যৱহাৰ কৰি আমাৰ সৌন্দৰ্য অটুত ৰাখিব পৰা যায় আৰু ইয়াৰ সুগন্ধিৰে আনৰ মনটোও আনন্দময় কৰি ৰাখিব পাৰোঁহক।
উৎস :- অসম বাণী(ভানু শৰ্মা) ।