সোণাপুৰৰ ১৪ মাইলস্থিত পূৰ্বাঞ্চল চিমেণ্ট উদ্যোগত বিশ্ব পৰিৱেশ দিৱস উদযাপন

উদ্যোগটোৰ আৱাসিক এলেকাত গছপুলি ৰোপণ কৰি এক পৰিৱেশ সজাগতা সভাও অনুষ্ঠিত কৰা হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ড গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সহযোগী অভিযন্তা জুৱেল ভৰদ্বাজ , উদ্যোগটোৰ সঞ্চালক সুব্ৰত কুমাৰ ঢাল প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত উদ্যোগটোৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰি গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে।