আজি স্বাধীনতা দিৱস, স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যুৱপ্ৰজম্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেৰে মঙ্গলবাৰে সোণাপুৰৰ মালয়বাৰী লক্ষীটাৰী খেলপথাৰত অনুষ্ঠিত হয় স্বৰ্গীয় কনক কলিতা আৰু মিহিবালা কলিতা সোঁৱৰণি এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি । উদীয়মান যুৱ খেলুৱৈৰ সৌজন্যত অনুষ্ঠিত উক্ত ফুটবল প্ৰতিযোগিতাখনি আৰম্ভণিৰ পূৰ্বে খেলপথাৰত পতাকা উত্তোলন কৰে বিশিষ্ট চিকিৎসক ডঃ অমৰেন্দ্ৰ দেৱানে ।
আজিৰ খেলখনি শুভ উদ্বোধন কৰে ডিমৰীয়া অঞ্চলৰ বিশিষ্ট সমাজকর্মী তথা সাংস্কৃতিক কৰ্মী দিলীপ বৈষ্ণৱে । এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনিৰ প্ৰথম পুৰস্কাৰ নগদ ৭০০১টকা আৰু দ্বিতীয় পুৰস্কাৰ নগদ ৫০০১টকা । প্ৰথমখন খেল অনুষ্ঠিত হয় TRT আৰু উদীয়মান যুৱ খেলুৱৈৰ মাজত । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মালয়বাৰী গাঁওৰ এগৰাকী প্ৰবীণ খেলুৱৈ বিনোদ দাস ,সংবাদ লহৰৰ পৰিচালন সঞ্চালক মহেশ মালাকৰ, ধীৰেশ্বৰ পাটৰকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিশিষ্ট গণ্য মান্য ব্যক্তি ।