sangbad lahar logo

সোণাপুৰৰ চামতা পবিতৰা সংযোগী পথত অঘটন।

ৰেল বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি থকা দলং পৰিল খহি।
ৰেল লাইনৰ ওপৰত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ গাৰ্ড ৱাল ভাঙি খহি পৰিছে এনেদৰে।

ফলত পথটোৰ বৰ্তমান যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে।নিৰ্মাণ কাৰ্য্যত গাফিলতি হোৱাৰ বাবেই গাৰ্ড ৱাল ভাঙি পৰাৰ সন্দেহ স্থানীয় লোকৰ।বি এম ইনফ্ৰা নামৰ প্ৰতিষ্ঠান এটাই নিৰ্মাণ কৰি আছিল দলংখন।

দলং খন নিৰ্মাণৰ বাবে ধার্য কৰা হৈছিল প্ৰায় ৫০ কোটি টকা ।২০২২ চনৰ চেপ্টেম্বৰ মাহত নিৰ্মাণ কাৰ্য্য শেষ হোৱাৰ সময় সীমা আছিল যদিও আজিলৈ সম্পূর্ণ নহ’ল দলং খন।

Related Articles