sangbad lahar logo

সোণাপুৰত নীৰ নিৰ্মল পৰিযোজনাৰ আঁচনি পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ।

নিউজ ডেস্ক : বিশ্ব বেংকৰ অৰ্থ সাহাৰ্য্যৰে ব্যয়বহুল আঁচনিৰ অধীনত সোণাপুৰৰ গোমৰীয়াত নিৰ্মান হৈ থকা নীৰ-নিৰ্মল পানী যোগান আঁচনি পৰিদৰ্শন কৰি কাম কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে।
কেইবা কোটি টকাৰ ব্যয় সাপেক্ষ্যে নিৰ্মান হৈ থকা আঁচনি খনক লৈ ৰাইজে আশাত বন্দী হৈ আছে যদিও সেই আশাত চেঁচা পানী পেলাই আছে লেহেমীয়া কাম কাজে। তেনে সময়তে বৃহস্পতি বাৰে বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই নিৰ্মানৰত প্ৰকল্পটো পৰিদৰ্শন কৰি বিহুৰ আগে আগে উপভোক্তা সকলৰ গৃহে গৃহে বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হ’ব বুলি সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত উল্লেখ কৰে। অঞ্চলটোৰ প্ৰায় ২৮ হেজাৰ পৰিয়ালৰ গৃহে গৃহে পানী যোগান ধৰিব লগীয়া আঁচনি খন বিভিন্ন কাৰণত সম্পূৰ্ণ হৈ উঠা নাছিল যদিও পূৰ্ণ গতিত কাম কৰি থকা হৈছে আৰু বিহুৰ আগে আগে সম্পূৰ্ণ নহলেও পৰ্যায় ক্ৰমে গাঁৱে-গাৱে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্হা কৰা হ’ব বুলি মন্ত্ৰী দাসে জানিব দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *