সংবাদ লহৰ: ৰাজ্যত সংঘটিত হৈ আছে এটাৰ পাছত আন এটা ড্ৰাগছ সৰবৰাহৰ ঘটনা। পুনৰ মহানগৰ আৰক্ষীৰ এক সফল অভিযান। মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ নাজিৰাখাতস্থিত টোলগেটত শনিবাৰে নিশা প্ৰায় আঠ বজাত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত মহানগৰ আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত জব্দ কৰিবলৈ সক্ষম হয় কেইবাকোটি মুল্য়ৰ ড্ৰাগছ। মনিপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত এম এন 07 ডি 3257 নম্বৰৰ এখন বলেৰ বাহনত জব্দ কৰে ড্ৰাগছখিনি। জানিব পৰা মতে ড্ৰাগছ খিনিৰ বজাৰ মুল্য প্ৰায় ৭ কোটি টকা। আৰক্ষীয়ে ইতিমধ্যো ৪ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে, ইয়াৰ লগতে এই সৰবৰাহৰ লগত জড়িত আন দুজন সৰবৰাহকাৰীক অভিযান চলাই গুৱাহাটীত আটক কৰে মহানগৰ আৰক্ষীয়ে।