
অসমৰ এটা প্ৰখ্যাত পৰিয়ালত ১৯৪৩ চনত জন্ম গ্ৰহণ কৰিছিল জয়ন্ত হাজৰিকাই । ড. ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভাতৃ । সৰুৰেপৰাই সংগীতত ৰাপ থকা হাজৰিকাই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ হাজৰিকা কলিকতালৈ গৈ এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰিছিল।১৯৬২ চনতে এচ. এম. ভি. কোম্পানীত ‘আগলি বতাহে কঁপালে কলৰে পাত’ আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ নামৰ গীত দুটি বাণীবদ্ধ কৰে। আৰু এই গীত দুটিয়ে জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে অসমৰ সাংস্কৃতিক ক্ষেত্রখনত।
জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল।
১৯৭৭ চনৰ ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ আচম্বিত মৃত্যু হয়। ৩৪ বছৰীয়া চুটি জীৱনকালত তেখেতে বহুতো কালজয়ী উপহাৰ দি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে অসমৰ চুকে কোনে ।
তেওঁ আঁতৰি গ’ল সঁচা,তথাপি জনতাৰ শিল্পীজনাই অসমী আইৰ সংস্কৃতিৰ বেদীত দি গ’ল কেতিয়াও মৰহিব নোৱাৰা সুৰৰ অঞ্জলি সেয়েহে আজিৰ এই ৭৭ সংখ্যক জন্ম তিথিত শিল্পীজনাক অসমবাসীৰ লগতে আমিয়ো সংবাদ লহৰৰ পৰিয়ালৰ ফালৰ পৰা শ্ৰদ্ধাৰে সুঁৱৰিছো।