নিজকে জুবিন গাৰ্গৰ দ্বিতীয় সংষ্কৰণ বুলি কৈ অহা ৰাহুল গৌতম শৰ্মা সুৰা সেৱন কৰি অৱস্থা অতি ভয়াবহ হ’ল । সুৰাৰ ৰাগীত মাতাল হৈ মঞ্চতে বাগৰিল ৰাহুল গৌতম শৰ্মা। তিনিচুকীয়া জিলাৰ ডিগবৈ মুলিয়াবাৰী বিহুতলীত স্বেচ্ছাসেৱী অনুষ্ঠানত সংগীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ কৰি আনিছিল ৰাহুল শৰ্মাক৷
কিন্তু সংগীত পৰিৱেশনৰ পূৰ্বেই এটুপি গিলি মঞ্চত উঠা বুলি উল্লেখ কৰিলে অনুষ্ঠান উপভোগ কৰিবলৈ অহা একাংশ ৰাইজে৷ গীতৰ মাজতে মঞ্চতো ঢলি পৰিল ৰাহুল শৰ্মা৷
পুনৰ উঠি অসুস্থ অৱস্থাতেই সংগীত পৰিৱেশনৰ চেষ্টা কৰিলে ৰাহুল শৰ্মাই৷ নিজকে জুবিন গাৰ্গৰ দ্বিতীয় সংষ্কৰণ বুলি কৈ অহা ৰাহুলৰ এনেকুৱা অৱস্থা দেখি আচৰিত হৈ পৰে স্থানীয় ৰাইজ।