

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজিত আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰে।
এই সন্মিলনত আইন-শৃংখলা অধিক শক্তিশালী কৰা, তদন্ত ব্যৱস্থা উন্নীত কৰাৰ লগতে জনমুখী আৰক্ষী ব্যৱস্থা গঢ়ি তোলাৰ বাবে নতুন কৌশল আৰু সংস্কাৰৰ দিশটোত গুৰুত্ব দিয়া হয়। এই গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ‘Director of Prosecution’ৰ কথা উল্লেখ কৰে
মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ বৰ্তমানৰ সফল অভিযানসমূহৰ পৰ্যালোচনা কৰে। চোৰাং চিকাৰী, ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান আদিকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা তেখেতে উল্লেখ কৰি প্ৰশংসা কৰে আৰু ভৱিষ্যতে অধিক আধুনিক প্ৰযুক্তিবিদ্যা ব্যৱহাৰেৰে শক্তিশালী অসম গঢ়াৰ দিশত ভূমিকা আগবঢ়াবলৈ আহ্বান জনায়।