
ডিজিটেল ডেস্ক/সংবাদ লহৰঃ– ৰাজনৈতিক পথাৰত ভৰি দি নিৰ্বাচনত অবতীৰ্ণ হোৱাৰ মন মেলিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী । পৰমানন্দ ৰাজবংশীৰ আগমনে ছিপাঝাৰৰ ৰাজনীতিত বহুতৰে অংকত আউল লগাব নেকি এইবুলি ইতিমধ্যে চৰ্চিত হৈ পৰিছে । প্ৰাক্তন সভাপতি গৰাকীয়ে কোন দল বা কোন সমষ্টিৰ পৰা নিৰ্বাচনত অবতীৰ্ণ হ’ব এই কথা এতিয়াও অৱশ্যে সঠিক কৈ কোৱা নাই যদিও , জাতীয়তাবাদী আদৰ্শৰ সৈতে জড়িত হৈ থকা দলৰ জড়িয়তেহে তেওঁ ৰাজনীতিৰ পথাৰত আগবাঢ়িব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।