সামৰনি পৰিল পাতিদৰং স্বৰ্ণ শাখা সাহিত্য সভাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন।

কামৰূপ জিলাৰ ধূলাৰা জগন্নাথ মন্দিৰ প্ৰাঙ্গনত দিনযোৰা কাৰ্যসূছীৰে আজি অনুষ্ঠিত হয় পাতিদৰং স্বৰ্ণ শাখা সাহিত্য সভাৰ ২২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশন।
ধূলাৰা- ধূলিএৰা ৰাইজৰ উদ্যোগত অনুষ্ঠিত হোৱা অধিবেশনৰ আজি পূৱা বন্তি প্ৰজ্বলন, বৃক্ষৰোপণৰ লগতে বিভিন্ন কাৰ্যসূচীৰ পিছতে ১০ বজাত উলিওৱা হয় সাংস্কৃতি শোভাযাত্ৰা।

বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে অধিবক্তা হেমন্ত প্ৰতীম ডেকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবি সন্মিলনত কেবা গৰাকী নৱীন প্ৰৱীন বিশিষ্ট কবিৰ কবিতা পাঠে উপস্থিত ৰাইজক মুগ্ধ কৰি তোলে।
বিভিন্ন কাৰ্যসূচীৰ পিছতে

আবেলি অনুষ্ঠিত হয় মুকলি সভা, য’ত অসম সাহিত্য সভাৰ কেবাটাও বিশিষ্ট ব্যক্তি উপস্থিত থাকে,
লগতে আজিৰ এই অধিবেশনতেই
আগন্তুক ২৫/২৬ বৰ্ষৰ পাতি দৰং সাহিত্য সভাৰ সভাপতি হিচাপে ৰঞ্জিত কলিতা আৰু সম্পাদক অমৰ ডেকাক দ্বায়িত্ব দিয়ে।

দিনজোৰা বিভিন্ন কাৰ্যসূচীৰ পিছত সন্ধিয়া আয়তীৰ দিহানাম প্ৰতিযোগিতাৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা জীপাল কৰা হ’ব সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ।