sangbad lahar logo

সামাজিক মাধ্যমত বৰ্তমান চৰ্চাত থকা কেইখনমান বিশেষ ফটো

ডিজিটেল ডেস্ক সংবাদ লহৰঃ– সামাজিক মাধ্যমত বৰ্তমান চৰ্চাত থকা কেইখনমান বিশেষ ফটো , তেজৰ সম্পর্কতকৈ হৃদয়ৰ সম্পর্ক যে সদায়ে গাঢ় হয় সেইয়া যেন প্ৰমাণ কৰিলে এগৰাকী যুৱতীয়ে , নাম তেওঁৰ মুস্কান বেগম , ঘৰ শিৱসাগৰত। এজনী ইছলামধৰ্মী ছোৱালী হৈয়ো শ্মশানত এজন হিন্দু যুৱকক অন্তিম সংস্কাৰ কৰে মুস্কানে । যুৱকজনক সম্পৰ্কীয় ভাতৃ পাতি লৈছিল মুস্কানে । কিন্তু সময় বৰ নিষ্ঠুৰ হঠাতে আহি গ’ল এক দুঃখবৰ , মুস্কানে পাতি লোৱা ভায়েকৰ অকাল বিয়োগ , যেন মুস্কানৰ জীৱনলৈ নামি আহিল অমানিশা । একেলগে সুখে দুখে থকাৰ প্ৰতিশ্ৰুতি দিয়া মুস্কান হৈ পৰিল অকলশৰীয়া , হয় ইহঃ সংসাৰৰ পৰা বিদায়ে ললে মুস্কানৰ ভায়েকে , কিন্তু প্ৰতিশ্ৰুতি অনুসৰি মুস্কানে শেষ বিদায়ত শ্মশানত ভায়েকৰ মুখাগ্নি কৰি প্ৰতিশ্ৰুতি ৰক্ষা কৰিলে ।
সামাজিক মাধ্যমত এই কথা নিজেই প্ৰচাৰ কৰিছে মুস্কানে । এজনী ইছলামধৰ্মী ছোৱালী হৈ দেখুৱালে আজি ৰাজ্যবাসীক মহানুভৱতা । এতিয়া বিভিন্ন জনে মুস্কানৰ এই কাৰ্য্যক শলাগিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *