sangbad lahar logo

সান্ধ্য আইনৰ মাজতো ধোদৰ আলিত চোৰাং অৰুনাচলী সুৰাৰ সৰবৰাহ…

সান্ধ্য আইনৰ মাজতো ধোদৰ আলিত চোৰাং অৰুনাচলী সুৰাৰ সৰবৰাহ…
মৰিয়নি আৰক্ষী থানাৰ অন্তৰ্গত ধোদৰ আলিৰ গিৱন অভয়াৰন্যৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত এখন বাহনত অবৈধ সুৰা উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে আজি বিয়লি আমগুৰিৰ পৰা মৰিয়নি দিশে তীব্ৰ বেগত আহি থকা এ এছ ০৩ ডব্লিউ ৬৮৩৪ নম্বৰৰ মাৰুতি ইক’ বাহন খন নিয়ন্ত্ৰণ হেৰুৱাই গিৱন অভয়াৰন্যৰ কাষত দুৰ্ঘটনাগ্ৰস্ত হয়।আনহাতে স্থানীয় একাংশ লোক দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ কাষলৈ যোৱাত গাড়ীখনৰ ভিতৰত বহু সংখ্যক বিলাতী সুৰাভৰ্তী কাৰ্টুন প্ৰত্যক্ষ কৰে। দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা স্থানীয় একাংশ লোকে কেইবাটাও সুৰা কাৰ্টুন লৈ যায়। আনহাতে দুৰ্ঘটনাৰ কিছু সময় পাছতে মৰিয়নি দিশৰ পৰা ৰঙা ৰঙৰ এ এছ ০৩ এইছ ৭৪২১নম্বৰৰ এখন এল্ট বাহন দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ পৰা সুৰাৰ কাৰ্টুন সমুহ হস্তান্তৰ কৰি থকা সময়তে মৰিয়নি আৰক্ষী থানাৰ এটা আৰক্ষী দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে দুয়োখন গাড়ী জব্দ কৰি থানালৈ আনিবলৈ সক্ষম হয় যদিও দুয়োখন গাড়ীৰ চালক আৰক্ষীৰ সন্মুখেদিয়ে পলায়ন কৰে। আনহাতে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত সুৰাখিনি চোৰাং অৰুণাচলী সুৰা বুলি আৰক্ষী নিশ্চিত হোৱা লগতে শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা সুৰাখিনি অনা বুলি প্ৰকাশ কৰিছে।
দুৰ্ঘটনাগ্ৰস্থ সুৰা ভৰ্তী ইক’ বাহন খনৰ পঞ্জীয়ন নম্বৰ অনুসন্ধান কৰি মৰিয়নি নিউ সোনোৱালৰ কুখ্যাত চোৰাং অৰুনাচলী সুৰা মাফিয়া ৰাজীৱ মিলিৰ বুলি জানিব পৰা গৈছে।মন কৰিব লগীয়া যে আন্তঃজিলাৰ যাতায়ত বন্ধ থকা লগতে যোৰহাট জিলা সম্পূৰ্ণ কন্টেইমেন্ট জ’নত থকা অৱস্থাত চোৰাং অৰুণাচলী সুৰাভৰ্তী বাহন কেনেদৰে আৰক্ষীৰ চকুৰ সন্মুখেদি ধোদৰ আলিয়েদি অবাধ গতিত সৰবৰাহ অব্যাহত আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। উল্লেখ যে, ধোদৰ আলিয়েদি আৰক্ষীক মেনেজ কৰি নিতৌ চোৰাং অৰুনাচলী সুৰা ভৰ্তী বাহন চলাচল কৰি অহাৰ কথা আজি দুৰ্ঘটনাত পতিত হোৱা বাহনখনে স্পষ্ট ৰূপত প্ৰমানিত কৰিলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *