sangbad lahar logo

সাতবিল গুৰু গোবিন্দ সেৱাশ্ৰমত এম জি এন ৰেগা আঁচনি কামৰ শুভ উদ্বোধন

গোসাইগাঁৱ মহকুমাৰ কচুগাঁও ব্লকৰ গাৰ্ডেনপুৰ ভিছিডিছিৰ অন্তৰ্গত সাতবিল গুৰু গোবিন্দ সেৱাশ্ৰমত এম জি ৰেগা আচনি কামৰ শুভ উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী অনুষ্ঠানত কচুগাঁও ব্লকৰ টি ছি এল ছি ছি ছিয়াৰমেন থমাচ নাৰ্জাৰী, গাৰ্ডেনপুৰ ভিছিডিছিৰ চেয়াৰমেন ধানছাৰাঙ বসুমাতাৰী ,সাতবিল গাৱৰ গাওবুঢ়া লংকেশ্বৰ প্ৰধানী লগতে ভিচিডিছিৰ আন আন বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।আজিৰ কামটো টি ছি এল ছি ছি চিয়াৰমেন থমাচ নাৰ্জাৰী ফিটা কাটি কামটোৰ উদ্বোধন কৰি কয় যে নতুনকৈ ভিছিডিছি গঠন কৰি কচুগাঁও ব্লকৰ এয়া প্ৰথমটো কাম হাতত লৈছে পৰিবৰ্তনৰ চৰকাৰৰ কামটোত যাতে কোনো ধৰণৰ দুৰ্নীতি নকৰি সুন্দৰ ভাৱে সম্পন্ন কৰিবলৈ ভিছিডিছিৰ চেয়াৰমেনৰ লগতে আন আন বিষয়ববীয়াৰ সকলক আহ্বান জনায় আৰু আগলৈকে ৰাইজৰ বাবে এনে ধৰণৰ বহুতো কাম কৰিব বুলিয়ো আশ্বাস দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *