টকা নোসোমোৱাকৈয়ে ৰাজ সাহায্য কেনেকে লাভ কৰিব বুলিও গৌৰৱ গগৈক প্ৰশ্ন উত্থাপন কৰে ।
গৌৰৱ গগৈয়ে অসমৰ ৰাইজক বিপথে পৰিচালিত কৰা বুলি মন্তব্য কৰে ।
আনহাতে ৰাজনৈতিক পথাৰখনত নেতাৰ অভিযোগৰ প্ৰতি অভিযোগ থাকিবই কিন্তু ব্যক্তিগত আক্ৰমণ কৰিব নালাগে বুলিও উপদেশ দিয়ে ।
বিটিআৰ চৰকাৰে মুদৈবুড়ী সমষ্টিৰ কলাইগাঁৱত কাৰ্য্যবাহী সদস্য দিগন্ত বৰুৱাৰ নেতৃত্বত নতুনকৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা তিনিটা পকীপথ ৰাইজৰ বাবে মুকলি কৰিবলৈ আহি সাংসদ দিলীপ শইকীয়াই গৌৰৱ গগৈক উভতি ধৰে ।
ইয়াৰ উপৰিও সাংসদ দিলীপ শইকীয়াই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি এনডিএ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি কোৱাৰ লগতে লোকসভাটো দূৰৰে কথা বিটিচি নিৰ্বাচনতে বিপিএফ দলে মুখ থেকেচা খাই আহিছে বুলি কটাক্ষ কৰে ।