sangbad lahar logo

সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন। হিন্দু-মুছলমান উভয় সম্প্ৰদায়ে উদযাপন কৰিলে গুৰুজনাৰ জন্ম জয়ন্তী।

আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক জন্ম জয়ন্তী ৷হৰিনামৰ ধ্বনিৰে মূখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ আৰু নামঘৰ সমূহ। মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰতো একেই পৰিবেশ । নাম আৰু খোল প্ৰসংগৰে মুখৰিত পাটেকীবড়ী সত্ৰ।গুৰুজনাৰ বহু স্মৃতি বিজড়িত এই ঐতিহ্যমণ্ডিত সত্র খনত দেখিবলৈ পোৱা গ’ল এক বিশেষ দৃশ্য । মহাপুৰুষ জনাৰ জন্মজয়ন্তী উদযাপন কৰিলে হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে ।উল্লেখ্য যে, পাটেকীবড়ী সত্ৰ খনৰ চাৰি দিশে নাই কোনো এজন হিন্দু ধৰ্মৰ লোক অথবা কোনো পৰিয়াল। কিন্তু সত্ৰ খন আজিয়ো কোনো আঁচোৰ নপৰা কৈ আছে।সত্ৰখন চোৱা-চিতা কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠান সমূহত মুছলমান সম্প্রদায়ৰ লোকসকলে অংশগ্রহণ কৰি আহিছে ।আনকি বহু বছৰ পূর্বে তিনি জনকৈ মুছলমান লোকে সত্ৰখনৰ উন্নয়নৰ বাবে ১২ বিঘা ভুমিও দান কৰিছে । মৈৰাবাৰীৰ পাটেকীবড়ী সত্ৰৰ এই পৰিবেশে অসমবাসীলৈ নিশ্চিত ভাবে এক শুভবাৰ্তা কঢ়িয়াই আনিব বুলি দৃঢ় বিশ্বাসী ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *