
ক’ৰোনা মহামাৰীৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা বিশ্বনাথ জিলাত জিলা প্ৰশাসনে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷এই ঘোষণাৰ পিছতে আজিৰ পৰা পূৰ্বতকৈ অধিক সক্ৰিয় ৰূপত দেখা গৈছে আৰক্ষী প্ৰশাসনক ৷ এইয়া চতিয়াৰ দৃশ্য, এইদৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে চতিয়াৰ ৰাজপথত কৰিছে ফ্লেগমাৰ্চ ৷জৰুৰী সেৱাৰ বাদে কোনো লোক যাতে বাহিৰলৈ ওলাব নোৱাৰে তাৰবাবে আৰক্ষী প্ৰশাসনে লৈছে এই পদক্ষেপ ৷ উল্লেখ্য যে যোৱা ২৮ জুনৰ পৰাই জিলা খনক কণ্টেইনমেণ্ট জিলা হিচাপে ঘোষণা কৰি অহা হৈছে যদিওঁ ক’ৰোনাৰ সংক্ৰমণ হ্ৰাস পোৱা নাই ৷ যাৰ ফলত বিশ্বনাথ জিলা প্ৰশাসনে আজিৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে জিলা খনত ৷