sangbad lahar logo

সম্পকীয় মোমায়েকে ধৰ্ষণ কৰিলে ১২ বছৰীয়া ভাগিনীয়েকক………

মৰিয়নীৰ শিলিখা চাহ বাগিচাত জঘন্য কাণ্ড

দিপাংকৰ বাৰোৱাতী, মৰিয়নী, ২৯ জুলাই: মৰিয়নী আৰক্ষী থানাৰ অন্তৰ্গত শিলিখা চাহ বাগিচাৰ ৯ নং লাইনৰ এক ধৰ্ষণ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ মৰিয়নী ৷ মানৱ সমাজত লজ্জানত কৰি মৰিয়নীৰ শিলিখা চাহ বাগিচাত গোলাঘাট ৰঙাজান বাগিচাৰ নিজ সম্পৰ্কীয় মোমায়েক অতুল তাতীঁয়ে আজি (২৮) ধৰ্ষন কৰে ১২ বছৰীয়া ভাগিনীয়েকক । ঘটনা সম্পৰ্কে পৰিয়ালৰ লোক অৱগত হোৱাত মৰিয়নী আৰক্ষীক খৱৰ দিয়ে ৷ স্থানীয় লোকে পাষণ্ড মোমায়েক অতুল তাতীঁক উত্তমমাধ্যম দিয়ে। মৰিয়নী আৰক্ষী উপস্থিত হৈ অতুল তাঁতীক উদ্ধাৰ কৰি থানালৈ আনে ৷ সম্পত্তি অভিযুক্ত অতুল তাতীঁ বৰ্তমান আৰক্ষীৰ জিম্মাত। এতিয়া প্ৰশ্ন হয়, কোন দিশে গতি কৰিছে মানৱতা ?? কাৰ ওচৰত সুৰক্ষিত আপোনাৰ মোৰ কন্যা সন্তানৰ ভৱিষ্যত ???

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *