
প্ৰতিকী ৰাবণ দাহৰ জৰিয়তে আমাৰ অন্তৰাত্মাক প্ৰত্যেকেই শুদ্ধিকৰণ কৰিব লাগে। উত্তৰ গুৱাহাটী বৰ লুইতৰ পাৰৰ মধ্যম খণ্ডত সাঁজি উলিওৱা হৈছিল এই এশ ফুট উচ্চতাৰ ৰাবণ । মহানগৰীৰ ভিতৰতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা সুউচ্চ ৰাৱণ আজি নিশা দাহন কৰা হ’ব । দাহনৰ পুৰ্বে বৰপেটাৰ থলুৱা আতচবাজীৰে সমাজ দেশৰ অপশক্তিক সাবধান কৰি দিব সকলোৱে । এই ৰাবণ দাহ পৰ্ব উপভোগৰ বাবে কেইবা হাজাৰ লোক সমবেত হৈছে ইয়াত। ৰাবণ দাহৰ লগে লগে প্ৰত্যেকেই দেশ মাতৃক সুৰক্ষাৰ বাবে ল’ব সংকল্প ।