
টীয়কৰ কাকজান কমাৰ খাতোৱাল গাঁৱৰ মহিলাসকলেও দিহানামৰ মাধ্যমেৰে সশ্ৰদ্ধ প্ৰণিপাত নিবেদিলে গুৰুজনালৈ। অসমৰ ধৰ্ম, সমাজ, সাহিত্য, সুকুমাৰ কলাজগতৰ অম্লান প্ৰতিভাৰ অধিকাৰী , অসমীয়া জাতিক ভাষা-সাহিত্য, কলা-কৃষ্টিৰ বান্ধোনেৰে এক সমৃদ্ধিশালী জাতি হিচাপে গঢ় দি যোৱা অসমৰ বিভিন্ন জাতি-উপজাতিক একেডাল এনাজৰীৰে বান্ধি বৰ অসমৰ ভেঁটি গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ ৫৭৩ তম অাৰ্ৱিভাৱ মহোৎসৱ ভাগি আজি সমগ্ৰ অসমতে উদযাপিত হৈছে । যোৰহাট জিলাৰ টীয়কতো আজি কাকজান কমাৰ খাতোৱাল গাঁৱৰ সংস্কৃতিপ্ৰেমী মহিলাসকলে দিহানাম পৰিৱেশনৰ মাধ্যমে দি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনালৈ ভক্তিভৰা সেঁৱা নিবেদন কৰে। সাম্প্ৰতিক সময়ৰ ধূসৰতাবোৰ নেওচি গুৰুজনাই দেখুওৱা পোহৰৰ বাটেৰে সমাজ মহীয়ান হওঁক।নাশ হওঁক অপশক্তিৰ প্ৰকোপ।গুৰুজনাৰ আদৰ্শেৰে আলোকিত হওঁক আমাৰ সমাজ ।এই মহেন্দ্ৰ ক্ষণত আমাৰো এয়েই আশা।আজি ৫৭৩ তম আৱিৰ্ভাৱ মহোৎসৱৰ এই শুভ ক্ষণত শংকৰদেৱ গুৰুজনালৈ অন্তৰৰ নিভৃত কোণৰ পৰা আমিও সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।