sangbad lahar logo

সপ্তম শিৱসাগৰ গ্রন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন

সোমবাৰে সপ্তম শিৱসাগৰ গ্রন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। স্থানীয় বৰ্ডিং খেলপথাৰত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই।
উপস্থিত থাকে আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ প্ৰকাশ কটকী, সম্পাদক সমীৰণ ফুকন, খোজৰ সভাপতি ৰোহিনী গগৈ, সম্পাদক জয়জ্যোতি গগৈকে ধৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি।
উল্লেখযোগ্য যে, ২০১৪ চনৰ পৰা ‘খোজ’ৰ উদ্যোগত, শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰ গ্রন্থ উৎসৱ অনুষ্ঠিত হৈ আহিছে।
এইবাৰ অহা ১৮ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰী পৰ্য্যন্ত সপ্তম শিৱসাগৰ গ্রন্থ উৎসৱ আৰু শিৱসাগৰ যুৱ মহোৎসৱ অনুষ্ঠিত হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *