
আফগান তালিবানক ‘সন্ত্ৰাসবাদী’ আখ্যা দি নিষিদ্ধ কৰিলে ফেচবুকে । এই নীতি হোৱাটছএপ্ আৰু ইনষ্টাগ্ৰামটো প্ৰযোজ্য হ’ব বুলি জনাইছে ফেচবুক কৰ্তৃপক্ষই ।
এই সামাজিক মাধ্যমবোৰত তালিবানৰ সমৰ্থনত সকলো প’ষ্ট বা মন্তব্য নিষিদ্ধ ঘোষণা কৰা হৈছে । যিয়ে তালিবানৰ সমৰ্থনত প’ষ্ট বা মন্তব্য কৰিব, তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক পদক্ষেপৰ কথাও জনোৱা হৈছে ফেচবুকৰ তৰফৰ পৰা
ফেচবুকৰ মুখপাত্ৰই মঙলবাৰে জনায়, ‘বিপজ্জনক সংগঠন’ সংক্ৰান্ত নিয়মাৱলী মানিয়ে তালিবানৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তেওঁ কয়, ‘আমি বিতংভাৱে আফগানিস্তানৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছো । তালিবানৰ সমৰ্থনত কৰা প’ষ্টবোৰ ডিলিট কৰি দিয়া হ’ব । যি একাউণ্টৰ পৰা এনে প’ষ্ট কৰা হয়, সেই একাউণ্ট নিষিদ্ধ কৰা হ’ব ।’ তেওঁ আফগানিস্তানত সক্ৰিয় তালিবান গোষ্ঠীবোৰৰ হোৱাটছএপ্ গ্ৰুপবোৰৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা কৰিছে ।