sangbad lahar logo

সদ্যঘোষিত NEET পৰিক্ষাত উজ্জলিল লাহৰীঘাটৰ সন্তান মোস্তাফিজুৰ ৰহমান।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰি অঞ্চলৰ এটা গৰাখহনীয়াগ্ৰস্থ দৰিদ্ৰ পৰিয়ালৰ সন্তান মুস্তাফিজুৰ ৰহমান। সদ্য ঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত ৫২৮ নম্বৰে সুনাম কঢ়িয়াই আনিলে সমগ্ৰ লাহৰীঘাটলৈ।বানে জুৰুলা কৰা গৰাখহনীয়া গ্ৰস্ত পৰিয়ালত জন্মলাভ কৰা মুস্তাফিছুৰ ৰহমান পঢ়া প্ৰতি থকা প্ৰবল হেঁপাহ,ধৈৰ্য আৰু একাগ্ৰহতা বলতেই আজি NEET পৰীক্ষাত উজলি উঠিল।মুস্তাফিজুৰ ৰহমানে অধ্যয়ন কৰি যোৱা টেঙাগুৰি ইক্ৰা একচেলেঞ্চ একাডেমীত আজি ফটকা আতচ বাজিৰে এক উখল-মাখল পৰিৱেশ।আজি মোস্তাফিজুৰে অধ্যয়ন কৰি যোৱা বিদ্যালয়খনত উপস্থিত হোৱাৰ লগে-লগে এনেদৰে আনন্দমুখৰ পৰিবেশে বিৰাজ কৰে। বিদ্যালয়খনৰ পৰা গামোচা,জাপি আৰু শৰাইৰে উষ্ম আদৰণি জনোৱাৰ লগতে টেঙাগুৰি অঞ্চলৰ ৰাইজেও এইদৰে আদৰণি জনায় মোস্তাফিজুৰক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *