নিউজ ডেস্ক : কভিড মহামাৰীৰ প্ৰতিষেধক প্ৰদানৰ এক শিবিৰ আজি যোৰহাট প্ৰশাসন আৰু সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত টীয়কৰ ৰাধা-কৃষ্ণ মন্দিৰ পৰিচালনা সমিতিৰ সহযোগত সম্পন্ন হয়।পুৱা দহ বজাৰ পৰা আৰম্ভ হোৱা এই শিবিৰটোত স্বাস্থ্য বিভাগৰ স্বাস্থ্য কৰ্মী মৃদুল বৰুৱা, প্ৰশান্ত শইকীয়া, ৰশ্মি ৰেখা শইকীয়া, ৰিতামণি শইকীয়া আৰু মীনা ৰবিদাস উপস্থিত থাকি ভেকচিন প্ৰদান কৰে। আজিৰ এই শিবিৰত আজুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দেৱজিৎ বৰুৱা, যোৰহাট জিলা আজুৰ সম্পাদক দুলাল হাজৰিকা,কোষাধক্ষ বিজু তনুৱালকে ধৰি বহু কেইজন জিলা কাৰ্যনিৰ্বাহক সদস্য উপস্থিত থাকে। জিলা সমিতিৰ হৈ সম্পাদক দুলাল হাজৰিকাই শিবিৰ টোত সহযোগিতা কৰা সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে।