sangbad lahar logo

সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি কাৰ্যসূচীত গোৱালপাৰা জিলা সমিতিৰ সমৰ্থন

সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কৰ্মবিৰতি কাৰ্যসূচীত গোৱালপাৰা জিলা সমিতিৰ সমৰ্থন

গোৱালপাৰা জিলা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ আজি এখনি কাৰ্যকৰী সভা অনুষ্ঠিত হয়। জিলা সভাপতি প্ৰভাত চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অহা ১,২, মাৰ্চত ৰাজ্যিক কমিটিৰ নিৰ্দ্দেশ মৰ্মে গোৱালপাৰা জিলাৰ কৰ্মৰত গৃহৰক্ষী সকলে কৰ্মবিৰতি পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত জিলা সমিতিৰ সম্পাদক আব্দুল হাকিমে কয় যে অহা ১ আৰু ২ মাৰ্চত গৃহৰক্ষী সকলে কৰ্মবিৰতি পালন কৰা কৰাৰ সিদ্ধান্ত লোৱা হৈছে।কাৰণ ৰাজ্য চৰকাৰে  গৃহৰক্ষী সকলৰ দীৰ্ঘদিনীয়া সমস্যা সমুহ  সমাধান কৰাত ব্যৰ্থ হৈছে। গৃহৰক্ষী জোৱান সকলৰ বৰ্দ্ধিত মাহিলী দৰমহাৰ ক্ষেত্ৰত মহামান্য  ন্যায়ালয়ে দিয়া নিৰ্দেশ অসম চৰকাৰে পালন কৰা নাই।সেয়েহে ৰাজ্য খনৰ প্ৰশিক্ষণপ্ৰাপ্ত  গৃহৰক্ষী কৰ্মীসকলে স্বতঃস্ফূৰ্ত ভাৱে ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ইয়াৰ বাবে প্ৰশিক্ষণপ্ৰাপ্ত  গৃহৰক্ষী জোৱান সকলৰ যদি কিবা অঘটন ঘটে তাৰ বাবে ৰাজ্য চৰকাৰে দায়ী হব। সভাত সভাপতি গৰাকীয়ে কয় যে ইয়াৰ পিছতো যদি চৰকাৰে প্ৰশিক্ষণপ্ৰাপ্ত  গৃহৰক্ষী জোৱান সকলৰ সমস্যা সমুহ সমাধান নকৰে তেন্তে আগন্তুক বিধান সভা নিৰ্বাচন বৰ্জন কৰাৰ দৰে সিদ্ধান্ত লবলৈ বাধ্য হব ।  

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *