
সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত “প্ৰজ্ঞাৰ সন্ধানত”ৰ চতুৰ্থ সংখ্যা, বৃহত্তৰ ৰঙিয়া কবি মঞ্চৰ মুখপত্ৰ “ৰঙিয়াল ৰঙিয়া”ৰ দ্বিতীয় সংখ্যা আৰু বিশিষ্ট লেখিকা ড° ৰুণুমী দত্ত ডেকাৰ আধ্যাত্মিক গ্ৰন্থ “জীৱনৰ প্লেটফৰ্ম” উন্মোচন কৰা হয়৷ তদুপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সভাকক্ষত পুৱা ১১ বজাত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়৷ বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত প্ৰাৰম্ভতে চয়নিকা কলিতাৰ এটি ধৰ্মীয় গীত পৰিৱেশন কৰে৷ আদৰণী ভাষণ আগবঢ়ায় সদৌ অসম কবি মঞ্চৰ কাৰ্যকৰী সভাপতি মণ্টু কলিতাই৷ সভাৰ আঁত ধৰে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড° হিতেশ বৰ্মনে৷ গ্ৰন্থকেইখন উন্মোচন কৰে ক্ৰমে “প্ৰজ্ঞাৰ সন্ধানত” গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক ড° হৰিপ্ৰসাদ শৰ্মা, “ৰঙিয়াল ৰঙিয়া” বিশিষ্ট কবি মনোজ দাস আৰু ৰুণুমী দত্ত ডেকাৰ “জীৱনৰ প্লেটফৰ্ম” গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট লেখক তথা এমট্ৰনৰ উপ-প্ৰবন্ধক দীনমণি ভাণ্ডাৰ কায়স্থই৷ গ্ৰন্থ উন্মোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট কবি তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ অধ্যাপক ড° প্ৰশান্ত শৰ্মা উপস্থিত থাকে৷ মুখ্য অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা উপস্থিত থকাৰ কথা আছিল যদিও বিশেষ অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰে যদিও তেওঁ এটি ভিডিঅ’ৰ জৰিয়তে ভাষণ পঠিয়ায় আৰু প্ৰজেক্টৰৰ জৰিয়তে উক্ত ভাষণ শুনোৱা হয়৷ সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত “প্ৰজ্ঞাৰ সন্ধানত” সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে সম্পাদনা কৰাৰ বিপৰীতে “ৰঙিয়াল ৰঙিয়া”খন সম্পাদনা কৰে অলকেশ কলিতাই৷ উল্লেখ্য, গ্ৰন্থ উন্মোচনী সভাত সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা সাংবাদিক মোস্তাফা আহমেদ, সভাপতি জাভেদ জামান, প্ৰধান সম্পাদক জিতু কাঞ্চন, কাৰ্যকৰী সভাপতিদ্বয় মানসী শইকীয়া, মণ্টু কলিতা, বিশিষ্ট কবি অধীৰ দাস, চাংসাৰি এইম্ছ নিৰ্মাণ সমিতিৰ মদন চন্দ্ৰ ডেকা, সদৌ অসম কবি মঞ্চৰ ত্ৰৈলোক্য লহকৰ, সমাজকৰ্মী দিলীপ পাটগিৰি, সদৌ অসম কবি মঞ্চৰ সাংগঠনিক সম্পাদক ভাস্কৰজ্যোতি কুটুম, কোষাধ্যক্ষ নয়ন কমল মহন্ত, আবৃত্তিকাৰ কবিতা দেৱী, সদৌ অসম মঞ্চৰ পত্ৰিকা সম্পাদক ছাকিল আহমেদ, কাব্য সংকলন সম্পাদক অলকেশ কলিতা, অণু আফ্ৰিনকে ধৰি প্ৰায় শতাধিক কবি তথা সদস্য উপস্থিত থাকে৷
35 Comments