সদস্য ঘোষিত CBSC পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে বঙাইগাঁৱৰ নগৰঝাৰলৈ আনিছে আনন্দৰ বন্যা….

সদস্য ঘোষিত CBSC পাঠ্যক্ৰমৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলে গৌৰৱ কঢ়িয়াই আনিছে এখন গাওঁলৈ। বঙাইগাঁও জিলাৰ নগৰঝাৰৰ বাসিন্দা বিশিষ্ট সমাজ সেৱক খোৱাজ উদ্দিন মণ্ডলৰ সুযোগ্য সন্তান মাছুম ইকবাল মণ্ডলে এইবেলি মেট্ৰিক পৰীক্ষাত বৰপেটা স্থিত পিনাক্কেল একাডেমীৰ পৰা ৯০.৫ % নম্বৰ লাভ কৰি বিদ্যালয় খনৰ ভিতৰত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে।তদুপলক্ষে মঙ্গলবাৰে বিয়লি বিজনী জিলা সমিতি আমছুৰ সাধাৰণ সম্পাদক আলাল উদ্দিন আৰু সহকাৰী সম্পাদক আজিজ উদ্দিনে ছাত্ৰ গৰাকীৰ বাসগৃহত উপস্থিত হৈ সম্ভোৰ্ধনা জ্ঞাপন কৰে।ইয়াৰ উপৰিও মানিকপুৰ প্ৰেছ ক্লাৱ, স্থানী ৰাইজ আৰু গোশাইগাঁও গোল্ডেন ইষ্ট ক্লাৱৰ ফালৰ পৰাও ছাত্ৰ গৰাকীক সম্ভোৰ্ধনা জ্ঞাপন কৰে।