
নিউজ ডেস্ক: মহামাৰীৰ ত্ৰাসত পৰি শিল্পী সকলৰ দুৰ্যোগ নামি অহাৰ সময়তে আজি টীয়কৰ কলিয়াপানী স্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত ৰাজীৱ ৰক্তিম ক্ৰিয়েচনৰ উদ্যোগত “নাম মানিক” নামৰ এলবামৰ প্ৰথম টো ভক্তিমূলক গীত “জয় বিজয়” শুভ উন্মোচন কৰে। স্বৰ্গীয় মানিক নাথৰ সোঁৱৰণত পুত্ৰ দ্বয় ৰাজীৱ নাথ আৰু ৰক্তিম নাথে প্ৰযোজনা কৰা গীত টো আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী দেৱে উন্মোচন কৰে। উক্ত উন্মোচন স্থলীত নাথৰ সমূহ পৰিয়ালৰ লগতে দিহা ৰত্ন কমলা গগৈ, দিহা ভাস্কৰ মুনিন বৰা, কণ্ঠ শিল্পী নিতু নিয়ৰ, সঞ্জীৱ শইকীয়া,অনুৰাগ ভূঞা আদিকে ধৰি বহুতো গণ্য মান্য ব্যক্তি তথা সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। ৰক্তিম নাথ আৰু মিন্টু গগৈয়ে কণ্ঠ দান কৰা ভক্তিমূলক গীত টো সকলোকে আদৰি লবৰ বাবে প্ৰযোজক ৰাজীৱ নাথে অনুৰোধ জনায়।