
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত শ্ৰীশ্ৰী আইভেটি শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ অভিষেক অনুষ্ঠানটি আজি অনুষ্ঠিত হয়। গুৰুজনাৰ নাতি বোৱাৰী আই কনকলতাই স্থাপন কৰা ঐতিহ্যমণ্ডিত সত্ৰখনৰ সত্ৰাধিকাৰ নেত্ৰ দেৱ মহন্তৰ বিগত দিনত পৰলোকপ্ৰাপ্তি হোৱাত আইভেটি শলগুৰি সত্ৰৰ পৰম্পৰা অনুসৰি জেষ্ঠানুক্ৰমে লক্ষীকান্ত মহন্তই সত্ৰাধিকাৰ ঢোপ নিৰ্মালী গ্ৰহণ কৰে। কেইবা বছৰ ধৰি নামলগোৱা, গায়ন-বায়ন আদি বিভিন্ন সত্ৰীয়া সংস্কৃতিৰ চৰ্চাৰে গুৰুসেৱাত ব্ৰতী লক্ষীকান্ত মহন্তক গায়ন-বায়নৰ হৰিধ্বনি, আয়তীৰ মংগল উৰুলিৰ মাজেৰে ঢোপ নিৰ্মালী প্ৰদান কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্ত আৰু নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ গোস্বামীয়ে। পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সহকাৰী সম্পাদক ধন্তি বৰাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ উপসভাপতি দিলীপ দেৱগোস্বামী, শলগুৰি সত্ৰৰ মুক্তিয়াৰৰ যোগেন কলিতা, নৰোৱা কুজি সত্ৰৰ মুক্তিয়াৰ সুৰেন শইকীয়া, সূত্ৰধাৰ মনোৰঞ্জন গোস্বামী, ভকত নৱ কুমাৰ বৰা, গনেশ শইকীয়া নামলগোৱা, নৰাম বৰা, বুবুল বৰা, গনেশ বৰা, হৰেন বৰা, অম্লান জ্যোতি মহন্তকে প্ৰমুখ্য কৰি ভকত বৈষ্ণৱ, আইমাতৃ সকল উপস্থিত থাকে।