
দৰং জিলাৰ গৰুখুটিৰ উচ্চেদৰ পিছতেই এইবাৰ তৎপৰ শোনিতপুৰ জিলা প্ৰশাসন । জিলাখনৰ বিভিন্ন চৰ-চাপৰিত বসবাস কৰা চাপৰি অঞ্চলৰ লোক সকলৰ ঘৰে-ঘৰে গৈ নথি-পত্ৰ পৰীক্ষা কৰে প্ৰশাসনে। জিলাখনৰ ঢেকিয়াজুলি আৰু ঠেলামৰা ৰাজহ চক্ৰৰ বিষয়া কৰ্মচাৰীয়ে চৰ-চাপৰিত বসবাস কৰা লোকসকলৰ ঘৰে-ঘৰে গৈ আৰম্ভ কৰিছে চৰ জমিন তদন্ত। প্ৰশাসনৰ নিৰ্দেশত তন্ন-তন্নকৈ পৰীক্ষা কৰিছে নথিপত্ৰ । নগাঁও জিলাৰ ধিঙৰ সমষ্টিৰ পাৰ্শ্বৱৰ্তী আৰু শোনিতপুৰ জিলাৰ ব্ৰহ্মপুত্ৰৰ তিনিটেকীয়া চাপৰিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী লৈ চৰজমিন তদন্ত কৰে প্ৰশাসনৰ লোকে । উল্লেখ্য যে, তিনিটেকীয়া চাপৰি বৰচলা সমষ্টিৰ গুপ্তেশ্বৰ পঞ্চায়তৰ এলেকাধীন এই তিনিটেকীয়া চাপৰিত ৫ খনকৈ চৰকাৰী প্ৰাথমিক বিদ্যালয় আৰু ৪ খনকৈ বেচৰকাৰী বিদ্যালয় আছে। তদুপৰি ১৬ টাকৈ অঙ্গনৱাড়ী কেন্দ্ৰও আছে । জানিব পৰা মতে এই চাপৰিত বিগত ৫০/৬০ বছৰ ধৰি এইসকল লোকে বসবাস কৰি আহিছে। বৰচলা সমষ্টিৰ ভোটাৰ হিচাপে বিগত সময়ত তেওঁলোকে ভােটাধিকাৰো সাব্যস্ত কৰি আহিছে ! দৰঙৰ গৰুখুটি কাণ্ডৰ পিছতেই চৰ চাপৰি সমূহ বেদখল মুক্ত কৰিবলৈ দাবী উত্থাপন হৈছিল। অৱশ্যে তদন্তৰ সময়ত তিনিটেকীয়া চাপৰিত বসবাস কৰা লোক সকলে প্ৰশাসনক পূৰ্ন সহযোগিতা আগবঢ়ায় বুলি প্ৰশাসনৰ লোক সকলে জানিবলৈ দিয়ে !