sangbad lahar logo

শুভ্ৰ কঁহুৱাৰ পৰশত জীপাল হৈ পৰিছে ধৰণী । ক’ৰ এই দৃশ্যপট ? সবিশেষ জনাৰ বাবে তলত দিয়া লিংকটোত ক্লিক কৰক ।

কহুৱা বন মোৰ অশান্ত মন, আলফুল হাতেৰে লোৱা সাবতি’ । বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাই গীতৰ মাজেদিয়েই বৰ্ণনা দিয়া কহুৱা ফুলৰ নান্দনিক সৌন্দৰ্য্যৰ প্ৰকৃত ছবিখন যদি আপুনি সঁচাকৈ উপভোগ কৰিব বিছাৰে, তেন্তে জামুগুৰিহাটৰ পশ্চিমফালে অৱস্থিত জীয়া ভৰলী নদীৰ পাৰলৈ আহক । কিয়নো, জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ দুইপাৰে এতিয়া ফুলিছে শুভ্ৰ কঁহুৱা । কঁহুৱাৰ দৃষ্টিনন্দন শোভাই মোহিত কৰিছে সকলোকে । হাজাৰ হাজাৰ বিঘা ভূমিত ফুলি থকা শুভ্ৰ কঁহুৱাৰ মোহত বন্দী সকলো । এচাঁতি বতাহত হালিজালি নাচি থকা কঁহুৱাৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিব পাৰিব জীয়া ভৰলীৰ পাৰত । শৰৎ অহাৰ বতৰা দি জীয়া ভৰলীৰ দুইপাৰে ফুলি থকা শুভ্ৰ কঁহুৱাৰ সৌন্দৰ্য্য প্ৰাণভৰি সকলোৱে চাইছে । কহুৱাৰ তলতে হয়তু গুণগুণাইছে সুধাকন্ঠৰ ‘কহুৱা বন মোৰ অশান্ত মন ,,,আলফুল হাতৰে লোৱা সাৱটি ।“

Related Articles