শীঘ্ৰে ৪,৫০০ শিক্ষক পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া মুকলি কৰিব ৰাজ্য চৰকাৰে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিছে।
২০২৬ চনৰ ভিতৰত ১.৫ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ অংশ হিচাপে নিযুক্তি দিয়া হ’ব ৪,৫০০ শিক্ষকক।
এই শিক্ষকৰ পদসমূহ হ’ব নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ। এই পদসমূহৰ বাবে ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ আবেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে।
dee.assam.gov.inত প্ৰাৰ্থীসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব।
সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘আন এক সুখবৰ। ২০২৬ চনৰ ভিতৰত আমাৰ ১.৫ লাখ চৰকাৰী চাকৰিৰ লক্ষ্য পূৰণৰ দিশে আগুৱাই আমি শীঘ্ৰেই ৰাজ্যত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ ৪,৫০০ পদৰ বাবে নিযুক্তি মুকলি কৰিবলৈ গৈ আছোঁ। আবেদন প্রক্রিয়া ১৫ ফেব্ৰুৱাৰীৰ পৰা ৩১ মাৰ্চলৈ dee.assam.gov.in মুকলি কৰি দিয়া হ’ব।’’