১০-১৫দিনৰ ভিতৰৰ আপীল নকৰিলে মইনুলে কাৰাগাৰৰ পৰা মুক্তিলাভ কৰাটো নিশ্চিত। ১০-১৫ দিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ আহিব শিক্ষয়িত্ৰী অৰ্ণমাই বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত মইনুল হক। উচ্চ ন্যায়ালয়ে মইনুল হকৰ শাস্তি লাঘৱ কৰাৰ পিছতে মইনুলৰ মুক্তিৰ পথ প্ৰশস্ত হৈছে। ২০১৮ চনৰ ৩১ মে’ত মইনুল হক আৰু চেলিমউদ্দিনে অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত যমুনামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।