sangbad lahar logo

শিৱসাগৰ জিলা পানী আৰু অনাময় সমিতি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত ‘গন্দগী মুক্ত ভাৰত’ ৰ প্ৰচাৰ অভিযান।

ডিজিটেল ডেস্ক, শিৱসাগৰ:
শিৱসাগৰ জিলা পানী আৰু অনাময় সমিতি আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত ‘গন্দগী মুক্ত ভাৰত’ ৰ প্ৰচাৰ অভিযান।
শিৱসাগৰ জিলা পানী আৰু অনাময় সমিতি আৰু জনস্বাস্থ্য কৰাৰিকৰী বিভাগ শিৱসাগৰ সংমণ্ডলৰ উদ্যোগত ৮ আগষ্টৰ পৰা ১৫ আগষ্টলৈ সপ্তাহযোৰা কাৰ্যসূচীৰে সমগ্ৰ শিৱসাগৰ জিলাতে ‘গন্দগী মুক্ত ভাৰত’ শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।
সপ্তাহযোৰা অনুষ্ঠিত উক্ত কাৰ্যসূচীৰ প্ৰথম দিনা অৰ্থাৎ ৮ আগষ্টত শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দ গগৈয়ে ‘ই-ৰাত্ৰি চাওপাল’ অধীনত জিলাখনৰ পাঁচখন গাঁও পঞ্চায়তৰ সভাপতি, সচিব আৰু ৱাৰ্ড সদস্য সকলক অনলাইন যোগে সম্বোধন কৰে আৰু ‘গন্দগী মুক্ত ভাৰত’ আঁচনিৰ তাৎপৰ্য ব্যাখ্যা কৰে। লগতে স্বচ্চ ভাৰতৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।
৯ আগষ্টত জিলাখনৰ পাঁচখন পঞ্চায়তত প্লাষ্টিক আৱৰ্জনা মুক্ত শীৰ্ষক আঁচনিৰ জড়িয়তে প্লাষ্টিকৰ আৱৰ্জনা নিষ্কাষণ কৰা হয়।
১০ আগষ্টত পাঁচখন গাঁও পঞ্চায়তৰ অধীনত থকা বিভিন্ন ৰাজহুৱা প্ৰেক্ষা গৃহ, জিৰণী চৰা আদি চফা কৰাৰ লগতে সেইসমুহত ৰং কৰাৰ কাৰ্যসূচী ৰূপায়ণ কৰে।
১১ আগষ্টত ১০ খন গাঁৱৰ বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ পঞ্চাশখন দেৱালত স্বচ্চ ভাৰতৰ ওপৰত দেৱাল অংকণ কৰা হয়।
১২ আগষ্টত শিৱসাগৰ জিলাৰ ১০ খন গাঁৱত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই অংশ গ্ৰহণ কৰে।
১৩ আগষ্টত স্বচ্চ ভাৰতৰ ওপৰত অনলাইন চিত্ৰাংকণ আৰু ৰচনা প্ৰতিযোগীতাৰ আয়েজন কৰা হয়। এই চিত্ৰাঙ্কণ আৰু ৰচনা প্ৰতিযোগীতা সৰ্ব শিক্ষা অভিযানে পৰিচালনা কৰে।
১৪ আগষ্টত ‘গন্দগী মুক্ত ভাৰত’ কাৰ্যসূচী অনুসৰি গৌৰিসাগৰ, কালুগাঁও চিকিৎসালয়ৰ লগতে বহু চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰ চেনিটাইজিং কৰা হয়।
আনহাতে উক্ত কাৰ্যসূচীৰ অনিতিম দিন অৰ্থাৎ ১৫ আগষ্টত পাঁচখন পঞ্চায়তৰ সভাপতি সকলে ই প্লেটফৰ্মৰ জড়িয়তে স্বচ্চ ভাৰতৰ ওপৰত ৰাইজত বিভিন্ন বিষয় অৱগত কৰিব।
শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈ, জিলা উন্নয়ণ আয়ুক্ত নৱাব আল আজহাৰ আলি, জনস্বাস্থ্য কাৰিকৰী বিভাগ শিৱসাগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দিলীপ শ্যাম, স্বচ্চ ভাৰত মিচনৰ নডেল বিষয়া ৰাজীৱ বৰপূজাৰী, কাৰিকৰী বিষয়া চাকিল আহমেদ আৰু জ্যোতিময় বৰুৱাৰ নেতৃত্বত শিৱসাগৰ জিলাত গন্দগী মুক্ত ভাৰত শীৰ্যক কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *