
যোৱা ২ জানুৱাৰীত গুৱাহাটীত অনুষ্ঠিত সদৌ অসম আন্তঃজিলা মুকলি বেডমিণ্টন প্ৰতিযোগিতাত শিৱসাগৰ ছোৱালী কলেজৰ সংস্কৃতি বেডমিণ্টন একাডেমিৰ দুগৰাকী খেলুৱৈয়ে চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে। ১১ বছৰ অনূৰ্ধৰ ল’ৰাৰ একক আৰু ১৩ বছৰ অনূৰ্ধ যৌথ শাখাত বৰ্ণিল আকাশ চাংমাইয়ে খিতাপ অৰ্জন কৰাৰ বিপৰীতে শান্তিপ্ৰিয়া হাজৰিকাই ১৩ বছৰ অনূৰ্ধ দুয়োটা শাখাতে খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।
উল্লেখ্য কৰিব পাৰি যে অসমৰ ভিতৰতে প্ৰথম দ্বিমুকুটৰ গৰাকী হয় কৃতিমান দুয়োগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ।
খেলুৱৈ দুগৰাকীৰ এই সফলতাত সুখী পৰিয়ালৰ লগতে সমূহ শুভাকাংক্ষী ।