Skip to content
শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
শিৱসাগৰ , ২৭ জানুৱাৰী– শিৱসাগৰ জিলাৰ বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ বাবে নিৰ্বাচিত হিতাধিকাৰীক অনুমোদন পত্ৰ বিতৰণ কৰে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত এক অনুষ্ঠানত হিতাধিকাৰীসকলৰ মাজত স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ কৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে। স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা নৱ ৰূপত স্বয়ম আঁচনিৰ প্ৰথম কিস্তি হিচাপে নিৰ্বাচিত আত্মসহায়ক গোটসমুহত ত্ৰিশ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত বাকী থকা বিশ হাজাৰ টকা প্ৰদান কৰা হব বুলি ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এই স্বয়ম আঁচনিৰ জড়িয়তে শিৱসাগৰৰ প্ৰায় ১০ হাজাৰ যুৱক যুৱতী উপকৃত হব বুলি কয় মন্ত্ৰী গৰাকীয়ে।