sangbad lahar logo

শিৱসাগৰত গছ পুলি ৰোপন কাৰ্যসূচী চি আৰ পি এফৰ…

প্ৰকৃতি সুৰক্ষিত হৈ থাকিলেহে মানুহ সুৰক্ষিত হৈ থাকিব। এই বাণীকে সৰোগত কৰি দেওবাৰে শিৱসাগৰৰ জয়সাগৰস্থিত কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৪৯ নং বেটেলিয়নে গছ পুলি ৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বছৰটোত ১২ হেজাৰ গছ পুলি ৰোপনৰ লক্ষ্য আগত ৰাখি ঐতিহাসিক জয়সাগৰ পুখুৰীৰ সমীপত বিভিন্ন প্ৰজাতিৰ গছ পুলি ৰোপন কৰি শুভাৰম্ভ কৰে এই মেগা প্ৰকল্পৰ । কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ শীৰ্ষ নেতৃত্বই ১৪৯ নং বেটেলিয়নক প্ৰথমে ৯ হেজাৰ গছ পুলি ৰোপনৰ লক্ষ্য বান্ধি দিছিল যদিও বেটেলিয়নটোৱে নিজেই ১২ হেজাৰ পুলি ৰোপনৰ লক্ষ্য আগত ৰাখি আগবাঢ়িছে বুলি সদৰি কৰিছে । পৰবৰ্তী পৰ্যায়ত চি আৰ পি এফৰ এই বেটেলিয়নে অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচলতো গছ পুলি ৰোপন কৰিব বুলি জনাইছে। ইয়াৰ উপৰি গছ গছনি সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সৰ্বসাধাৰণ জনতাৰ মাজত সজাগতা বৃদ্ধিৰো চেষ্টা কৰিছে চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নে । দেওবাৰৰ গছ পুলি ৰোপন কাৰ্যসূচীত চি আৰ পি এফৰ জোৱান সকলক শিৱসাগৰ জিলা অতিৰিক্ত উপায়ুক্ত বিতুপন নেওগ , ডি এছ পি দেৱজিৎ নাথকে ধৰি কেইবাগৰাকী আৰক্ষী, প্ৰশাসনিক বিষয়ববীয়াই সহযোগ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *