sangbad lahar logo

শিৱসাগৰত আজিৰে পৰা চাৰিদিনীয়াকৈ আৰম্ভ হ’ল আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ আৰু মহা শিৱৰাত্ৰি মেলা

শিৱসাগৰত দ'ল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ আৰু মহা শিৱৰাত্ৰি মেলা ।
মহা শিৱৰাত্ৰি মেলাক কেন্দ্ৰ কৰি চহৰখনত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা অহা বিপনী সমূহ সাজু কৰি তোলা হৈছে মেলা উপলক্ষে। মহা শিৱৰাত্রি উপলক্ষে বিভিন্ন স্থানৰ পৰা ভক্তৰ আগমন হৈছে শিৱসাগৰলৈ ।
বৰ্ণাধ্য কাৰ্যসূচীৰে আজি অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান । বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে । বিগত বৰ্ষসমূহৰ দৰে এইবাৰো শিৱ উৎসৱৰ লগত সংগতি ৰাখি ৰাজেন বৰগোহাঞিৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ "মহাদ্যুতি" আনুষ্ঠানিক ভাৱে উন্মোচন কৰে পুৰাতত্ব বিভাগৰ সঞ্চালিকা ড০ দীপৰেখা কুলীয়ে। উল্লেখ্য যে ১৭৩৪ চনৰ এটি পৱিত্ৰ মুহূৰ্ততে স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কোঁৱৰীয়ে চহৰৰ মাজমজিয়াত এটি বৃহৎ পুখুৰী খন্দোৱাইছিল। এই দ'লৰ পাৰতে তিনিটাকৈ দ'ল শিৱদ'ল, বিষ্ণুদ'ল আৰু দেৱীদ'ল নিৰ্মাণ কৰোৱাইছিল। সনাতন হিন্দু ধৰ্মৰ তিনিটা শাখাত শৈৱ, শাক্ত আৰু বৈষ্ণৱ ধৰ্মৰ পৰম্পৰাৰে আহোম যুগৰ পৰা বৰ্তমানলৈকে এই পূজা-অৰ্চনা চলি আহিছে। শিৱদ'লক কেন্দ্ৰ কৰিয়েই দ'ল-পুখুৰী শিৱৰ নামত অৰ্পণ কৰা হৈছিল। আনহাতে নিৰ্বাচনৰ মাজতে জিলা প্ৰশাসনৰ দ্বাৰা ভক্তৰ বাবে নিকপকপীয়া ব্যৱস্থা । কভিড১৯ ৰ বাবে বিদেশী পৰ্য্যটকৰ আগমন নহয় এইবাৰ মহাশিৱৰাত্রি মেলাত। দল উন্নয়ন সমিতিৰ সম্পাদকে জনালে সংবাদ মাধ্যমক। সম্পূৰ্ণ কভিড প্ৰটোকল মানি আয়োজন কৰা হৈছে মহাশিৱৰাত্ৰি মেলা। অনুষ্ঠানত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰজ্যোতি মহন্ত , প্ৰাক্তন অধ্যক্ষ কাৰ্তিক দত্ত আৰু অধিবক্তা বিকাশ দে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । ঘোষক ধমেন্দ্ৰ দত্ত আৰু অভ্যথৰ্না দত্ত আতধৰা এই অনুষ্ঠানৰ আৰম্ভণিতে বাগেশ্বৰী সংগীত মহাবিদ্যালয় দ্বাৰা ৰশ্মি গগৈ আৰু তেওঁ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰে মহা মৃত্যুঞ্জয় আৰু শিৱ বন্দনা ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *