
সংবাদ লহৰ:
আছুৰ শিৱসাগৰ আঞ্চলিকৰ প্ৰাক্তন উপ সভাপতি জ্যোতিষ ফুকনৰ নেতৃত্বত আজি অসম গণ পৰিষদৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত শতাধিকৰো অধিক যুৱক যুৱতীয়ে যোগদান কৰে।
অসম যুৱ পৰিষদৰ ৰাজ্যিক সভাপতি জিতু বৰগোঁহাইৰ উপস্থিতিত যুৱক যুৱতী সকলে অগপ দলৰ প্ৰতি আকৃষ্ট হৈ আজি যোগদান কৰে।
অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক পৰাগ বুঢ়াগোঁহায়ে আঁত ধৰা যোগদান অনুষ্ঠানত অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দিগন্ত কোঁৱৰ, অগপৰ জিলাৰ সভাপতি ঘন গগৈ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি সুশান্ত দত্তৰ লগতে বহু নেতা কৰ্মী উপস্থিত থাকে।