sangbad lahar logo

শিমলুগুৰিৰ ছহিদ ভৱন প্ৰেক্ষাগৃহত এখন ব্যতিক্ৰমী অসমীয়া চলচ্চিত্ৰৰ প্ৰ’মো মুকলি।

বিশ্ব ঐতিহ্যত স্থান লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আমাৰ সম্পদ৷ এই কাজিৰঙা তথা তাৰ বন্যপ্ৰাণী সমূহৰ সুৰক্ষা দিয়াটো একো একোখন সমাজৰ প্ৰতিনিধি হিচাপে সকলোৰে কাম্য৷ কিন্তু এতিয়া প্ৰশ্ন হ’ল প্ৰকৃততে কাজিৰঙাখন সুৰক্ষিত হয়নে?তাত থকা বন্য প্ৰাণীসমূহ আজি সংকটৰ গৰাহত ৷ চোৰাংচিকাৰীৰ কবলত পৰি খৰ্গ কাটি গঁড় হত্যা কৰাৰ বাতৰিয়ে আজিও বাতৰিৰ শিৰোনাম দখল কৰি আছে৷দিন-ৰাতি কেৱল বন্যপ্ৰাণী সুৰক্ষাৰ বাবেই ঘৰ সংসাৰক আওকাণ কৰি নিষ্ঠাৰে কৰ্তব্যত ব্ৰতী হৈ থকা বনকৰ্মীসকলৰ যি ত্যাগ সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ৷ গতিকে, এজন সাংস্কৃতিক কৰ্মী হিচাপে এইসমূহক জনসাধাৰণৰ ওচৰত তুলি ধৰাৰ এক প্ৰয়াসেৰে তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে এক পৰিকল্পনা হাতত লৈ নিৰ্মান কৰা এখন পূৰ্ণদৈৰ্ঘৰ কথাচবি নিৰ্মান কৰি উলিয়াইছে৷ সোমবাৰে কাজিৰঙাৰ সুৰক্ষাৰ ওপৰত এক বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এই কথাছবি খনৰ প্ৰ’ম’ মুকলি কৰা হয়৷ শিৱসাগৰ জিলাৰ শিমলুগুৰি আছুৰ কাৰ্যালয় ছহিদ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত মুকলি কৰা উক্ত ছবিখনত অভিনয় কৰিছে কেইবাজনো নবীন-প্ৰবীন অভিনেতা অভিনেত্ৰীয়ে৷ পৰিচালনা কৰিছে ৰমেন গগৈয়ে ৷ সংগীত দেৱজিৎ বহ্ম, প্ৰযোজনা ৰমেন গগৈ । কেমেৰা আৰু সম্পদনা নাচিৰুল হুচেইনৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *