বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগৰ সহযোগত আৰু NRDS Management PVT. Limitedৰ উদ্যোগত মংগলবাৰে NRDS মহাবিদ্যালয়ত এই বিনামূলীয়া চিকিৎসা শিবিৰ অনুস্থিত কৰা হয়।
উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে বিটিআৰৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিসদ পৱিত্ৰ কুমাৰ বড়ো।

চিকিৎসক আমিৰুল হক, ইনামূল হক চৌধুৰী, গোৰেশ্বৰ মণ্ডল বিজেপিৰ সভাপতি সমৰেন্দ্ৰ শৰ্মা NRDS Management PVT. Limitedৰ সঞ্চালক তথা সমাজ সেৱক দেৰহাছাৰ নাৰ্জাৰী আদিকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে চিকিৎসা শিৱিৰত।