
অসম চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰী ৰণোজ পেগু উপস্থিত হয় নামনি অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুস্থান অভয়াপুৰী মহাবিদ্যালয়ত। অভয়াপুৰী মহাবিদ্যালয় ভ্ৰমণত মন্ত্ৰী ৰণোজ পেগুক সংগ দিয়ে নৱগঠিত KAC ৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মন, বঙাইগাঁও সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰী, উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়, লগতে দক্ষিণ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰে। উল্লেখযোগ্য যে, সুদীৰ্ঘ ৪৪ বছৰ পিছতহে শিক্ষা মন্ত্ৰীৰ ভ্ৰমণ হয় অভয়াপুৰী মহাবিদ্যালয়ত।শিক্ষা বিভাগৰ কিছু নতুন সংস্কৰণৰ কথা উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।আনহাতে অভয়াপুৰী মহাবিদ্যালয়ৰ আন্তঃগাথঁনিৰ উন্নতিৰ ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা কথা ৰণোজ পেগুয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।