
১) এই মাহত সাপ নিধন কেতিয়াও নকৰিব। সাপ হৈছে ভগবান শিৱ বাবা অৰ্থাৎ মহাদেৱৰ গলমণি। শাওন বুলিয়ে নহয় সাপ কেতিয়াও মাৰিব নালাগে। সাপ মাৰিলে অমংগল নিশ্চিত। ২) এই মাহত আপোনাৰ মাছৰ পুখুৰীত থকা মাছক খাদ্য নিদিয়াকৈ নাথাকিব। কিয়নো এই মাহত মাছক খাদ্য দিয়া অতি মংগলজনক। ৩) এই মাহত মাছ মাংস খোৱাৰ পৰা বিৰত থাকক। এনে কৰিলে মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব। ৪) এই মাহত বেঙেনা ভক্ষণ কৰিব নালাগে। ৫) এই মাহত আনৰ সৈতে হাই কাজিয়া নকৰিব। এনেবোৰ কৰিলে আপোনাৰ ওপৰত মহাদেৱ ৰুষ্ট হৈ পৰিব আৰু আপোনাৰ জীৱনলৈ অপাই অমংগল আহিব।