sangbad lahar logo

শব্দ আলোকৰ মায়াৰে উজলি উঠিল বাৰগোপাল গৰখীয়া দৌল থান

সম্প্ৰীতিৰ চিৰসেউজ ক্ষেত্ৰ শ্ৰী শ্ৰী বাৰগোপাল গৰখীয়া দৌল থান , শব্দ আলোকৰ মায়াৰে উজলি উঠিল থানৰ চৌহদ । প্ৰত্যেক বছৰৰ দৰে এইবেলিও বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বৰপানাৰাস্থিত ঐতিহ্যমণ্ডিত থানখনত উদযাপন কৰা হৈছে গৰখীয়া দৌল সভাখন । মাঘী পূৰ্ণিমা উপলক্ষে ৭৫ সংখ্যক সভাখনৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছে বিভিন্ন ধৰ্মীয় কাৰ্যসূচী । উল্লেখ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ঘটে উক্ত সভাখনত । তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা সভাখনত উল্লেখযোগ্য কাৰ্যসূচী হিচাপে বিবেচিত হৈছে আৰিয়া প্ৰজ্জ্বলন । এই আৰিয়া প্ৰজ্জ্বলনৰ শুভ উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ প্ৰবীণ নেতা অংকুৰ দাসে । এক হাজাৰৰো অধিক আৰিয়াৰ আলোকেৰে পোহৰাই তুলিলে থানৰ চৌহদ । ঐতিহ্যমণ্ডিত থানখনত মাঘী পূৰ্ণিমাত আৰিয়া প্ৰজ্জ্বলনৰ এই পৰম্পৰা বিগত ৭৪ বছৰে অনুষ্ঠিত হৈ আহিছে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *