অৰুণাচলৰ কালিখোলা নামৰ স্থানত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ছাত্ৰজনৰ মৃতদেহ ।
অপহৰণ হোৱা স্থানৰ পৰা প্ৰায় ৮০০ মিটাৰ দূৰৈত গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো ।
অপহৰণৰ সতে জড়িতৰ সন্দেহত অৰুণাচল আৰক্ষীয়ে আটক কৰা নাজুচৌ তামাং আৰু গোবিন তামাং নামৰ
দুজন অৰুণাচলীক নিজৰ জিম্মাত ৰাখিছে । ছাত্ৰজনক অপহৰণ কৰা দিনাই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ।
ইতিমধ্যেই মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে আৰক্ষীয়ে ।
উল্লেখযোগ্য যে, তিনিচুকীয়া শদিয়া চূণপোৱা উদয়পূৰ গাঁৱৰ নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ বাৰবছৰীয়া ছাত্র ৰোহিত বাহাদুৰ ছেত্ৰীক যোৱা 22 জুলাই তাৰিখে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত অপহৰণ কৰিছিল দুৰ্বিত্তই ।
অপহৰণকাৰীয়ে ৰোহিতৰ মুক্তিপণ হিচাপে দাবী কৰিছিল 25 লাখ টকা, দাবী কৰা 25 লাখ টকা ধন দিব নোৱাৰিলে হত্যা কৰা হব বুলি ভাবুকি প্ৰদান কৰিছিল পৰিয়ালৰ লোকক । আনফালে, আজি ছাত্রজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত অসম অৰুণাচল সীমান্তৰ ডিগাৰু অৰুণাচল পুলিচ চেক গেটত গোৰ্খা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত হত্যাকাৰীক ফাঁচীৰ দাবীৰে উত্তাল প্ৰতিবাদ কৰে সংগঠনটোৱে ।
