
৯ জুলাই , অভয়াপুৰী : শতবৰ্ষ গঢ়কা এগৰাকী বৃদ্ধৰ কৰুণ জীৱনগাথাঁ। এটা জৰাজীৰ্ণ জুপুৰী ঘৰ।এলান্ধুৰে ভৰপূৰ তেওঁৰ এই জপুৰীটো ৷ বেৰ বুলিবলৈ বাঁহৰ জালিকটা সুৰুঙা থকা বেৰ ৷
শতকৰ দেওঁনা পাৰ কৰা লোকজনে এতিয়াও ৰন্ধাবঢ়া , ঘৰ চাফ-চিকুণ কাপোৰ কানি নিজেই ধুব লগা অৱস্থা।
লোকজনৰ নাম ৰমকান্ত দাস ৷ ঘৰ অভয়াপুৰীৰ নিকটৱৰ্তী সৃজনগ্ৰাম গাওঁ পঞ্চায়তৰ অন্তর্গত বৰঘোলাত ।
পত্নীৰ কাহানিবাই মৃত্যু হোৱাৰ পিছত একমাত্ৰ পুত্ৰই জীৱিকাৰ তাড়নাত থাকে গুৱাহাটীত।
ৰমাকান্তৰ নাই পৰ্যাপ্ত আয়, এসময়ত হাজিৰা মজুৰি কৰি জীৱন নিৰ্বাহ কৰা ৰমাকান্ত দাস এতিয়া জীৱনৰ অপৰাহ্ণত দিছে ভৰি । কাহানিবাই চৰকাৰী ঘৰ পোৱা লোকজনে সম্প্ৰতি ভুগিছে আৰ্থিক সংকটত , কাৰো প্ৰতি বিদ্বেষ ভাৱ নৰখা ৰমাকান্ত দাসে দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছে এতিয়া এইদৰে ৷
জীৱনৰ বিয়লি বেলাত তেওঁক এতিয়া প্ৰয়োজন আপোনাৰ এধানিমান সহায়ৰ। শতবৰ্ষ গঢ়কা লোকজনে ভালদৰে নোৱাৰে চকুৰে মনিব।
এনেদৰে বিভিন্ন সমস্যাৰ চাকনৈয়াত আৰ্থিক ভাৱে বিধ্বস্ত বৃদ্ধ জনক উদ্ধাৰৰ বাবে এতিয়া প্ৰয়োজন অসমবাসী ৰাইজৰ সহায় ।