sangbad lahar logo

শংকৰ- মাধৱৰ সৃষ্টি আয়তীৰ নাম প্ৰসংগৰে বিশ্ব ৰেকৰ্ড গঢ়াৰ প্ৰস্তুতি । বিশ্ব দৰবাৰত দিহানাম প্ৰতিষ্ঠা লাভ কৰাৰ উদ্দেশ্যৰে একত্ৰিত হ’ল ২০০০ তকৈ অধিক আয়তী ।

ওদালগুৰি জিলাৰ কলাইগাঁৱত শংকৰ- মাধৱ সাংস্কৃতিক দিহানাম সমাজৰ উদ্যোগত বিশ্ব ৰেকৰ্ড গঢ়াৰ বাবে দিহানামৰ কেছেট উন্মোচনী কৰে বিটিআৰৰ কাৰ্য্যবাহী সদস্য দিগন্ত বৰুৱাই । কলাইগাওঁ জনমঞ্চ প্ৰাংগণত আয়তীৰ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল । ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি একত্ৰিত হোৱা প্ৰায় ২০০ তকৈ অধিক দিহানামৰ দলে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত । কলাইগাওঁ প্ৰগতিশীল জনমঞ্চত উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিটিআৰ কাৰ্য্যবাহী সদস্য দিগন্ত বৰুৱা, ওদালগুৰি জিলাৰ শংকৰ-মাধৱ দিহানাম সমাজৰ সভাপতি কালিদাস বৈশ্যৰ লগতে জিলাৰ বিষয়ববীয়াসকল । আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম শংকৰ-মাধৱ দিহানাম সমাজৰ সভাপতি গণেশ দাসৰ উপৰিও কামৰূপ আৰু ওদালগুৰি জিলাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে । উল্লেখযোগ্য যে, বিহুনাচৰ পিছত দিহানামৰ জৰিয়তে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সদৌ অসম শংকৰ-মাধৱ দিহানাম সমাজৰ পদক্ষেপক আদৰণি জনাইছে কাৰ্য্যবাহী সদস্য দিগন্ত বৰুৱাই ।

Related Articles