
নাজিৰাৰ বিশেষ ভাৱে সক্ষম ব্যক্তি সকলৰ উদ্যোগত আজি লিগিৰী পুখুৰী চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত দীপাৱলী উদযাপন কৰা হয়।এই দীপাৱলী উদযাপনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি আৰু চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী ফটিক ৰাজু বৰুৱাই এই অনুষ্ঠানত সম্পুৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি উদযাপন সমিতিৰ সভাপতি সত্যজিৎ ফুকনে জানিবলৈ দিছে।