sangbad lahar logo

লাহৰীঘাট বিদ্যুৎ উপ‌-সংমণ্ডলৰ চৰম গাফিলতি, নিমিষতে প্ৰাণ কাঢ়ি ল’ব পাৰে বহু জনৰ।

লাহৰীঘাট বিদ্যুৎ বিভাগৰ এনে এক আজৱ কাণ্ড যি দেখিলে আপোনাৰ চকু কপালত উঠিব। লাহৰীঘাটৰ কদমতলা চাৰিআলি দৈনিক বজাৰৰ মাজত থকা এটি বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰে ক্ৰেতা আৰু বিক্ৰেতাৰ লগতে পহু ধনৰ জীৱনলৈ প্ৰাণৰ ভাবুকি কঢ়িয়াই আনিছে । উল্লেখ্য যে, ১১০০০ ভল্টেজ প্ৰাপ্ত ট্ৰেন্সফৰ্মাৰটো নিচেই মাটিৰ কাষত উন্মুক্ত অৱস্থাত আছে। যাৰ ফলত স্থানীয় লোকে বিভাগীয় কতৃপক্ষক বাৰম্বাৰ বিষয়টো অৱগত কৰাৰ পিছতো গা-লৰা নাই একাংশ বিভাগীয় বিষয়া কৰ্মচাৰীৰ । অৱশেষত উপায়ন্তৰ হৈ স্থানীয় লোকে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *